শৰৎ আৰু শেৱালী
(পুলক জ্যোতি শৰ্মা)
মোৰ পাচচোতালৰ দূৱৰিবনত
এই দূপৰ নিশা
সেয়া শৰৎ আৰু শেৱালীৰ প্ৰেমালাপ
দিকচৌ বাটেৰে ঘূৰি-পকি
শৰৎ ঘৰলৈ আহিব বুলি শুনাৰে পৰা
শেৱালীজনীৰ হিয়া উলাহে নধৰা হ’ল
জেতুকা গোন্ধতেলেৰে সাজি-কাচি
তাই ৰূপহীজনী হ’ল
আৰু শৰৎ আহি পোৱাত তাইৰ হাঁহি আৰু কথাৰ
ওৰেই নপৰা হ’ল
শৰতৰো জানো কমখন কথা ক’বলগা আছে
সন্ধিয়াতে দুয়ো বহিল দূৱৰি বনত
সিহঁতহালক দেখি জোনাকৰ বেথা লাগিল
ডাৱৰৰ ওঁঠত হাঁহি বিৰিঙিল
নিয়ৰেও সিহঁতক জোকালে
সিহঁত দুয়ো পিছে দুয়োতে মগন
প্ৰেমৰ কবিতা গুণগুণাই ওৰেৰাতি
ওৰেৰাতি
********